বৃহস্পতিবাৰে পুৱাই মাজুলীত আৰক্ষী উপ পৰিদৰ্শক পৰিদৰ্শক জোনমণি ৰাভাক সোধাপোচা কৰা হয়। মাজুলীৰ গড়মূৰ থানাত পুৱাই মাতৃৰ সৈতে প্ৰত্যক্ষ কৰা হয় উপ পৰিদৰ্শক জোনমণি ৰাভাক। গড়মূৰ থানাই আজি সোধাপোচৰ বাবে তলব কৰিছিল জোনমণি ৰাভাক।
ৰাভাৰ বিৰুদ্ধে হ’বলগীয়া স্বামী ৰাণা পগাগৰ সৈতে মিলি প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলিছিল কেইবাগৰাকীও ভুক্তভোগীয়ে। মাজুলীত কৰ্মৰত হৈ থকা অৱস্থাত জোনমণি ৰাভাই ৰাণা পগাগৰ সৈতে মিলি প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলিছিল অজিত বৰা, ৰাম অৱতাৰ শৰ্মা আৰু ৰঞ্জন কুটুমে।মাজুলীত ৰুজু হোৱা তিনিটা গোচৰৰ সংক্ৰান্তত গড়মূৰ আৰক্ষীয়ে তলব কৰিছে জোনমণি ৰাভাক। আৰক্ষীৰ তদন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
সোধাপোচা কৰাৰ পিছত গড়মূৰৰ আৰক্ষী অধীক্ষকে কয়, ’কাইলৈ আকৌ তেওঁক মতা হৈছে।আজি মুখামুখিকৈ আমি সোধাপোচা কৰিলোঁ।যদিহে দোষী সাব্যস্ত হয় আমি তাৰ ওপৰত ব্যৱস্থা লম।’