আজি পুৱা মহাৰাষ্ট্ৰৰ গণ্ডিয়াত এখন ৰে’লৰ তিনিটা ডবা লাইনৰ পৰা বিচ্ছিন্ন হোৱাৰ ফলত ৫০ জনৰো অধিক লোক আহত হয়। মালবাহী ৰে’ল, যাত্ৰীবাহী ৰে’লৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। ৰে’লখন ছত্তীশগড়ৰ বিলাসপুৰৰ পৰা ৰাজস্থানৰ যোধপুৰলৈ গৈ আছিল। এই দুৰ্ঘটনাৰ পিছত, ৰে’লৰ চলাচল ব্যাহত হয়।
পুৱা প্ৰায় ২.৩০ বজাত সংঘটিত হোৱা দুৰ্ঘটনাটো সংকেত বিভ্ৰান্তিৰ বাবে হোৱা বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই। ঘটনাটোত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা নাই।