দেওবাৰে ৰঙিয়াত ৬জনকৈ লোকক নকল সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে। জানিব পৰা মতে, লোককেইজনে লখিমপুৰৰ পৰা আহি ৰঙিয়াত ভাৰাঘৰত থাকি নকল সামগ্ৰীৰ বেহা অৱ্যাহত ৰাখিছিল।
গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই লোককেইজনক হাতে-লোটে আটক কৰে। আটকাধীন লোককেইজনৰ পৰা নকল সোণৰ যিশুৰ মূৰ্তি, নাঁও, ম’বাইল ফোন আৰু নগদ ধনসহ কেইবাখনো ATM জব্দ কৰে। তথ্যৰ বাবে ধৃত লোককেইজনক জেৰা অৱ্যাহত ৰাখিছে আৰক্ষীয়ে।