- অহা ১০/১৫ দিনৰ ভিতৰত বটদ্ৰৱা থানা জ্বলাই দিয়া কাণ্ডৰ প্ৰথমখন চাৰ্জশ্বীত আদালতত দাখিল কৰিব নগাঁও আৰক্ষীয়ে ৷
- যোৱা ২১ মে’ত বটদ্ৰৱা থানা জ্বলাই দিয়া ঘটনাত অভিয়ুক্ত কৰা মুঠ ২৫ জন অভিয়ুক্তৰ ভিতৰত ইতিমধ্যে ১২ জনহে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীয়ে ৷ ইয়াৰ ভিতৰত অন্যতম মুল অভিযুক্ত আছিকুল ইছলামৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতে গাড়ীৰ চেপাত মৃত্যু হৈছিল৷
- বৰ্তমানে পলাতক হৈ থকা বটদ্ৰৱা কাণ্ডৰ আন ১৩ জন অভিযুক্তৰ কোনো শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে।
- এতিয়াও পলাতক হৈ আছে থানাখনত অগ্নি সংযোগ কৰা মাজিদা খাতুন নামৰ মহিলা গৰাকী ,
- নগাঁৱত অনুষ্ঠিত এক সংবাদমেলত বটদ্ৰৱা থানা জ্বলাই দিয়া গোচৰৰ সন্দৰ্ভত এই তথ্য প্ৰকাশ কৰিছে মধ্য অসমৰ DIG সত্যৰাজ হাজৰিকাই ৷