অহা ২১ জুলাইত EDৰ কাৰ্যালয়ত পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধীক৷ নেচনেল হেৰাল্ড গোচৰৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ে (ED) ২১ জুলাইত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক মাতি পঠিয়াইছে। কংগ্ৰেছ নেত্ৰীগৰাকীক সংস্থাটোৱে ২৩ জুনত দ্বিতীয়বাৰৰ বাবে চমন জাৰি কৰিছিল, কিন্তু তেওঁ ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে হাওফাওৰ সংক্ৰমণৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হোৱাত উক্ত তাৰিখত হাজিৰ হ’ব নোৱাৰিলে৷
কংগ্ৰেছ সভানেত্ৰীগৰাকীক ১৮ জুনত নতুন দিল্লীৰ গংগাৰাম চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল। কংগ্ৰেছ সভাপতিগৰাকীক প্ৰথমে ৮ জুনত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰা হৈছিল কিন্তু তেওঁৰ কভিডত আক্ৰান্ত হোৱাৰ পাছত ২৩ জুনৰ বাবে চমন জাৰি কৰা হৈছিল। তেওঁৰ পুত্ৰ তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক সংস্থাটোৱে পাঁচ দিনজুৰি ৫০ ঘণ্টাতকৈও অধিক সময় ধৰি সোধা-পোছা কৰিছিল৷
উল্লেখ্য যে, নেচনেল হেৰাল্ড গোচৰটোত বিজেপিৰ প্ৰাক্তন সাংসদ সুব্ৰমনিয়াম স্বামীয়ে দিল্লী উচ্চ ন্যায়ালয়ত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে হাজাৰ হাজাৰ কোটি টকাৰ পুঁজি দখল আৰু অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছিল। যোৱা বছৰ ফেব্ৰুৱাৰীত দিল্লী উচ্চ ন্যায়ালয়ে স্বামীৰ আবেদনৰ ওপৰত তেওঁলোকৰ সঁহাৰিৰ বাবে গান্ধী পৰিয়ালৰ দুই নেতাক জাননী জাৰি কৰিছিল৷ Fl studio 12 crack