কংগ্ৰেছক যেন বিপদে নেৰাই হৈছে, এটাৰ পিছত আন এটা বিপদ। বহু বলিষ্ঠ তথা জনপ্ৰিয় নেতাৰ দলত্যাগ যেন এটা সাধাৰন ঘটনাত পৰিনত হৈছে। কিন্তু এইবাৰ দলত্যাগ নহয় আন এক বিপদেহে ঘেৰি ধৰিছে কংগ্ৰেছ দলটোক। এইবাৰ সভাপতি ছোনিয়া গান্ধী আৰু কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীলৈ চমন জাৰি কৰিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰে। নেশ্যনেল হেৰাল্ড গোচৰত ED য়ে জাৰি কৰিছে এই চমন। কংগ্ৰেছৰ দুই শীৰ্ষ নেতালৈ ই ডিয়ে চমন জাৰি কৰাৰ পিছতে এতিয়া দেশৰ ৰাজনীতিত ধুমুহা বলিবলৈ আৰম্ভ কৰিছে। কংগ্ৰেছে ই ডিয়ে চমন জাৰি কৰা বিষয়টো প্ৰতিশোধৰ ৰাজনীতি বুলিও উল্লেখ কৰিছে।
উল্লেখ্য যে দেশত বিৰোধী তথা চৰকাৰ বিৰোধী বিভিন্ন দল, সংগঠনৰ নেতাক বিভিন্ন গোচৰত তদন্তকাৰী সংস্থাৰ জৰিয়তে হাৰাশাস্তি কৰাৰ অভিযোগ নতুন নহয়। এনে চৰ্চাৰ মাজতে কংগ্ৰেছৰ দুই শীৰ্ষ নেতালৈ EDয়ে চমন জাৰি কৰা বিষয়টোক লৈ বিতৰ্কৰ সূচনা হৈছে। ২০১১-১২ চনৰ এই নেশ্যনেল হেৰাল্ড গোচৰ সম্পৰ্কত জাৰি কৰা চমনত উল্লেখ থকা অনুসৰি অহা ৰাহুল গান্ধীক ২ জুনত আৰি ৮ জুনত ছোনিয়া গান্ধীক তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ কোৱা হৈছে।