অসম চৰকাৰৰ PPE কিট কেলেংকাৰীৰ বিষয়টোৱে বৰ্তমান উত্তাল কৰি ৰাখিছে ৰাজ্য। কোভিডৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। সংবাদমাধ্যমত এই কেলেংকাৰী সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পিছতে বিভিন্ন দল–সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদো।
এই কেলেংকাৰী সন্দৰ্ভত অসম জাতীয় পৰিষদৰ অভিযোগ, ‘‘কোভিড পৰিস্থিতিৰ সময়ত প্ৰায় সংখ্যক লোকৰে অৱস্থা বেয়া হৈছিল। ভাগি পৰিছিল বহুলোক। কিন্তু ইয়াৰ বিপৰীতে এজন ব্যক্তি আৰু ব্যক্তিজনৰ পৰিয়ালে কোভিডৰ নামত চলাইছিল লুণ্ঠন।’’ আনকি ভাৰতৰে বৈৰী সৰ্ম্পক থকা চীনৰ পৰা PPE কিট ক্ৰয় কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ অসম জাতীয় পৰিষদৰ।
অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, ‘‘JCB Industries মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত থকা কোম্পানীৰ নামত ৫ হাজাৰ PPE কীট অৰ্ডাৰ কৰা হৈছিল। ঘনশ্যাম ধনুকাৰ Meditime Healthcareৰ নামত ২০ হাজাৰ PPE Kit আবণ্টন হৈছিল। কেৱল পিপিই কিটে নহয়, চেনিটাইজাৰৰ নামটো সংঘটিত হৈছে ব্যাপক কেলেংকাৰী। অনিয়মৰ মাজেৰে ধনুকা পৰিয়ালক দিছিল ঠিকা। ১৮.৮৮ টকাৰ চেনিটাইজাৰৰ ঠিকা দিয়া হৈছিল ১০০ টকাত। এই ক্ষেত্ৰত তদন্তৰ বাবে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীলৈ পত্ৰ লিখিছে অসম জাতীয় পৰিষদে। লগতে সমগ্ৰ বিষয়টো কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা তদন্ত দাবী তুলিছে সংগঠনটোৱে।
ইফালে, এই কেলেংকাৰী সন্দৰ্ভত মীৰা বৰঠাকুৰে কয়, ৫০ হাজাৰ PPE কীট ক’ত গ’ল হিচাপ লাগে। আৰক্ষী থানাত এজাহাৰ লিখি দালালি কৰাজনক বাঘ হৈ ধৰিম বুলি কোৱা মু্খ্যমন্ত্ৰী কাগজৰ বাঘ। কিন্তু মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত হোৱা নিবিদা বিলাক কোনে বাঘ হৈ ধৰিব বুলি প্ৰশ্ন মীৰা বৰঠাকুৰৰ। হিমন্ত বিশ্ব শৰ্মাই PPE কীটৰ ব্যৱসায় কৰাটো লাজ লগা কথা। ন্যায়িক তদন্ত হ’ব লাগে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উঠা পিপিই কীট কেলেংকাৰীৰ ন্যায়িক তদন্ত বিচাৰি ৰাজীৱ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছে। কংগ্ৰেছৰ অপূৰ্ব ভট্টাচাৰ্যই কয়, ‘‘ৰাইজ আৰু ভয় কৰিব নালাগে, আমি ৫০ হাজাৰ পিপিই কীট আনিলো বুলি কোভিডৰ সময়ত ব্লু ডাৰ্টৰ ওচৰত ফটো মাৰি হিমন্ত বিশ্ব শৰ্মাই প’ষ্ট দিছিল। সেই PPE কীটসমূহ ক’ত ব্যৱহাৰ হ’ল তাৰ হিচাপ লাগে। RTI তথ্যত সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কৈ থকা সকলো মিছা বুলি প্ৰমাণ হৈছে। পিপিই কীট কেলেংকাৰীৰ তদন্ত হ’ব লাগে।
আনহাতে, গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়ত আম আদমী পাৰ্টীয়ে এই সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰি কয়, ‘‘কোভিডৰ জটিল পৰিস্থিতিত আমি ঘৰৰ বাহিৰলৈ ওলাবলৈ ভয় কৰিছিলো। কাৰণ আৰক্ষীৰ লাঠীৰ কোব খাব লাগে নেকি আমি। কিন্তু তেনে সময়তে একাংশই ক’লা ধন আহৰণ কৰিছে। অসমত এতিয়ালৈ যিমান কেলেংকাৰী হৈছে তাত ধনুকা পৰিয়াল প্ৰত্যক্ষভাৱে জড়িত আছে। যি সময়ত এখন মাস্ক কিনিবলৈ মানুহে চিন্তা কৰিব লগা হৈছিল, সেই সময়তে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠই অধিক দামত বহু বস্তু যোগান ধৰিছিল।’’
অৱশ্যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইবোৰ মিছা অভিযোগ বুলি মন্তব্য কৰে। ড০ শৰ্মাই কয়, ‘‘আমি PPE kit উপহাৰ পাইছো, এইটো ইছ্যু কৰি লাভ নাই। উপহাৰ দিলে আমি নল’ম নেকি। ভূপেন বৰাই এক বটল প্লাজমা দিছিল নেকি? কাম নাই, এইবোৰ মিছা অভিযোগ।’’ ইফালে, এই অভিযোগক ভিত্তিহীন আখ্যা দিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই। ছচিয়েল মিডিয়াযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিণিকি ভূঞা শৰ্মাই।