বঙাইগাঁৱত সংঘটিত হৈছে এক আত্মহত্যাৰ ঘটনা ৷ এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলতে বিৰাজ কৰিছে চাঞ্চল্যই ৷ ঘটনাৰ বিৱৰণী অনুসৰি নাম্বাৰপাৰা তৃতীয় খণ্ড গাঁৱৰ বাসিন্দা আব্দুল লতিফ নামৰ ব্যক্তিগৰাকীৰ ২১ বছৰীয়া কন্যাই নিজ বাসগৃহতে সোমবাৰে চীপ লৈ আত্মহত্যা কৰে ৷
পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে যুৱতীগৰাকীক চীপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰি নমাই আনি বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু চিকিৎসকে যুৱতীগৰাকীক মৃত বুলি ঘোষণা কৰে ৷
উল্লেখ্য যে, পৰৱৰ্তী সময়ত চিকিৎসালয়ত কলগাছিয়া আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ মৃত যুৱতীগৰাকী নৱজ্যোতি মহাবিদ্যালয়ত স্নাতক তৃতীয় ষান্মাসিকত অধ্যয়নৰত আছিল ৷
অৱশ্যে কি কাৰণত যুৱতীগৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাছি ল’লে সেয়া স্পষ্ট হৈ উঠা নাই ৷ একাংশ লোকে প্ৰেমজনিত কাৰণত যুৱতীগৰাকীয়ে আত্মহত্যাৰ দৰে জীৱনৰ চূড়ান্ত সিদ্ধান্ত বাছি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷