ULFAৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাছিল সূৰজ গগৈৰ। সূৰজ গগৈৰ মৃত্যুৰ পিছতে এক বিবৃতিৰ জৰিয়তে আলফাই এই কথা স্পষ্ট কৰিছে। বিগত ৩ মাৰ্চ তাৰিখে আৰক্ষীয়ে ULFAৰ যোগাযোগকাৰী বুলি সন্দেহ কৰি আটক কৰে আৰু পৰৱৰ্তী সময়ত গুলীয়াই আহত কৰিছিল। আৰক্ষীৰ গুলী লাগিছিল সূৰজ গগৈৰ ভৰিত। ইয়াৰ পিছতে দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থাকি ৫ এপ্ৰিল মঙ্গলবাৰে মৃত্যুক সাৱটি লয় সূৰজ গগৈয়ে।
ইয়াৰ পিছতে আলফা (স্বাধীন)ৰ প্ৰচাৰ বিভাগৰ হৈ কেপ্তেইন ৰুমেল অসমে এক বিবৃতি প্ৰেৰণ কৰি কৈছে যে, ”সূৰজ গগৈ নামৰ নিৰীহ যুৱকগৰাকীক ‘সংযুক্ত মুক্তী বাহিনী, অসম (স্বাধীন) সংগঠনৰ যোগাযোগকাৰী সন্দেহত চৰাইদেউ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পাশবিক নিৰ্যাতন চলাই পিচত সুস্থ মগজুৰে ভৰিত গুলী কৰি চিকিৎসালয়ৰ বিছনাত পেলাই থৈ যায়। যোৱা এমাহ ধৰি মৃত্যুৰ সৈতে যুঁজি অৱশেষত কালি ইংৰাজী ৫ এপ্ৰিল ২০২২ তাৰিখত তেখেতে মৃত্যুক সাৱটি লব লগা হয়। তেখেতৰ অকাল মৃত্যুত আমি সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনে গভাৰ শোক প্ৰকাশ কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো।”
ইফালে সূৰজ গগৈ ULFAৰ সৈতে জড়িত নাছিল যদিও তেওঁক সংগঠনটোৱে ‘অমৰ মৃতক’ ঘোষণা কৰিছে। ইয়াৰ উপৰিও সূৰজ গগৈক অমানৱীয় অত্যাচাৰেৰে হত্যা কৰা কাৰ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে হৈছিল নে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ নিৰ্দেশ মৰ্মে হৈছিল সেই বিষয়ে মুখ্যমন্ত্ৰীক অসমৰ ৰাইজৰ আগত স্পষ্ট কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে।