সুশান্ত সিং ৰাজপুটৰ আত্মহত্যা আৰু বলীউড তাৰকাৰ ড্ৰাগছ কেছ সন্দৰ্ভত এনচিবিয়ে আজি দাখিল কৰে প্ৰথমখন চাৰ্জশ্বীট ৷
৩০,০০০ পৃষ্ঠাৰ এই চাৰ্জশ্বীটত উল্লেখ আছে ৰিয়াসহ ৩৩ গৰাকী অভিযুক্ত আৰু বলীউড তাৰকাৰ নাম ৷
বৰ্তমানেও সম্পূৰ্ণৰূপে মাৰ যোৱা নাই সুশান্ত সিং ৰাজপুটৰ আত্মহত্যাৰ ঘটনা ৷
ঘটনাৰ লগত জড়িত ড্ৰাগছ কেলেংকাৰীৰ সন্দৰ্ভত অনুসন্ধান চলি আছে এনচিবিৰ অধীনত ৷
শুকুৰবাৰে নাৰ্কটিকচ ক’ন্ট্ৰল ব্যুৰ’ই কেচ নং ১৬/২০ ৰ অধীনত আদালতত দাখিল কৰিছে চাৰ্জশ্বীট ৷
৩০,০০০ পৃষ্ঠাৰ এই চাৰ্জশ্বীটৰ ১২,০০০ পৃষ্ঠাৰ হাৰ্ড কপী আৰু প্ৰমানসহ চিডি দাখিল কৰিছে আদালতত ৷
ড্ৰাগছ পেডলাৰৰ নামো উল্লেখ কৰিছে চাৰ্জশ্বীটত ৷
ইতিমধ্যে এনচিবিয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক ৷
মাদকদ্ৰব্য জব্দ, ইলেক্ট্ৰনিক ডিভাইচ উদ্ধাৰ আৰু ফৰেনচিক ৰিপ’ৰ্ট, সাক্ষীৰ বক্তব্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে চাৰ্জশ্বীট ৷