আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰত্যাহাৰ কৰিলে ৪ কংগ্ৰেছী সাংসদৰ নিলম্বন। সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে নিলম্বন প্ৰত্যাহাৰ সন্দৰ্ভত এক প্ৰস্তাৱ উত্থাপন কৰাৰ পিছতে অধ্যক্ষ ওম বিৰলাই ৪ কংগ্ৰেছী সাংসদ মণিকাম ঠাকুৰ, ৰাময়া হৰিদাস, এছ জথিমানী আৰু টি এন প্ৰথাপনৰ নিলম্বন প্ৰত্যাহাৰ কৰে।
যোৱা সোমবাৰে সংসদত প্লেকৰ্ড লৈ প্ৰতিবাদ কৰাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নিলম্বন কৰিছিল এই সাংসদ ৪ গৰাকীক। উল্লেখ্য যে এই পৰ্যন্ত উভয় সদনৰ ২৭ গৰাকী সংসদক নিলম্বন কৰা হৈছে। এই সকলৰ মাজত আছে অসমৰ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাও।