ৰক্ষকেই হৈ পৰিছে ভক্ষক! নিৰীহ লোক অসম আৰক্ষীৰ নিৰ্যাতনৰ বলি হোৱাটো বৰ্তমান সময়ত সাধাৰণ ঘটনাৰ দৰে হৈ পৰিছে। অলপতে লাহৰীঘাট থানাৰ উপ-পৰিদৰ্শক উপেন্দ্ৰ চন্দ্ৰ বৰদলৈয়ে থানাৰ ভিতৰতে এটি কিশোৰক অমানৱীয় অত্যাচাৰ চলাইছিল।
বিস্কুট চোৰৰ এটা ঘটনাক কেন্দ্ৰ কৰি কিশোৰ জনক প্ৰহাৰ কৰিছিল আৰক্ষী বিষয়া গৰাকীয়ে। থানাখনত থকা আন আৰক্ষী বিষয়া, কনিষ্টবলৰ আগত চলাইছিল নিৰ্যাতন। প্ৰায় ২ দিনৰ পূৰ্বে সংঘটিত হৈছিল এই ঘটনা।
ইতিমধ্যে, উক্ত ঘটনাৰ লগত জড়িত লাহৰীঘাট থানাৰ উপ-পৰিদৰ্শক উপেন্দ্ৰ চন্দ্ৰ বৰদলৈক নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে।
উল্লেখ্য যে লাহৰীঘাট থানাই জব্দ কৰা এখন গাড়ীৰ পৰা বিস্কুট চুৰি কৰা বুলি আৰক্ষীয়ে আটক কৰিছিল কিশোৰটিক। তাৰপাছত এছ আই বৰদলৈয়ে থানাৰ ভিতৰত উপৰ্যপুৰি প্ৰহাৰ কৰিছিল কিশোৰটিক। ছ’চয়িেল মিডিয়া যোগে এই দৃশ্য ৰাজহুৱা হোৱাৰ পাছতেই সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।