ম’বাইল এপ ব্যৱহাৰ কৰিব নজনাৰ বাবেই এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে আত্মহত্যা কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিহপুৰীয়াত৷ বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত কলাবিল মৰনৈ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল চন্দ্ৰ শৰ্মাই ম’বাইল চলোৱাত পাৰ্গত নোহোৱাৰ বাবেই শনিবাৰে পুৱা মৃত্যুৰ দৰে চৰম সিদ্ধান্ত বাচি লয় বুলি জানিব পৰা গৈছে৷
মৃত শিক্ষকগৰাকীৰ জেপত উদ্ধাৰ হোৱা চুইচাইড নোটত উল্লেখ কৰা মতে -বিদ্যালয়ৰ বিভিন্ন কামৰ চাপ আৰু মবাইলৰ এপৰ হেঁচা আৰু তাৰ বিপৰীতে মবাইল চলাব নজনাৰ বাবেই এই চৰম সিদ্ধান্ত ললে তেওঁ ৷ আজি পুৱা নিজা বাস ভৱনৰ কাষতে চিপলোৱা আৱস্থাত উদ্ধাৰ কৰা হয় গোপাল চন্দ্ৰ শৰ্মাৰ মৃতদেহ৷
উল্লেখ্য যে, বৰ্তমান প্ৰচলন কৰা ডিজিটেল চিষ্টেমৰ লগত সু-পৰিচয় নথকাৰ বাবেই এনেধৰনৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে ৷ ইতিমধ্যে বিহপুৰীয়া আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷