দেশৰ দ্বিতীয় ৰাষ্ট্ৰপতি তথা দাৰ্শনিক সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনত সমগ্ৰ দেশে উদযাপন কৰে শিক্ষক দিৱসৰ। ৰাষ্ট্ৰপতিৰ পৰা ২০২২ বৰ্ষত কৃতী শিক্ষকৰ বটা লাভ কৰিব ৪৬ জনকৈ শিক্ষকে। তেনে সময়তে এই অপ্ৰত্যাশিত ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্যখনক। গোগামুখৰ বৰদলনিত ৰাজেন বণিয়া নামৰ শিক্ষক গৰাকীয়ে লয় আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত। দীৰ্ঘদিন ধৰি বিনা বেতনে শিক্ষকতা কৰি অহা ৰাজেন বণিয়াই অৱশেষত ল’বলৈ বাধ্য হয় এই সিদ্ধান্ত।
উল্লেখ্য যে, যি সময়ত অসম চৰকাৰে শিক্ষা বিভাগৰ উন্নতিৰ ঢাক-ঢোল বজাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালক আমন্ত্ৰণ জনাইছে অসমৰ চৰকাৰী বিদ্যালয়সমূহ পৰিদৰ্শনৰ কৰিবলৈ, তেনে সময়তে বিনা বেতনে শিক্ষকতা কৰি শিক্ষক দিৱসৰ দিনাই আত্মহত্যা কৰা ঘটনা নিশ্চয়কৈ দুৰ্ভাগ্যজনক।