প্ৰাক্তন টেনিছ তাৰকা মাৰিয়া ছাৰাপোভা আৰু প্ৰাক্তন ফৰ্মুলা ৱান ৰেচাৰ মাইকেল চুমাশ্বাৰৰ বিৰুদ্ধে ভাৰতত ৰুজু হৈছে প্ৰতাৰণাৰ গোচৰ। গুৰুগ্ৰামৰ এগৰাকী মহিলা শ্বাফালী আগৰৱালে দাখিল কৰা অভিযোগৰ ভিত্তিত গুৰুগ্ৰাম আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্তও আৰম্ভ কৰিছে। অভিযোগ দাখিল কৰা শ্বাফালীয়ে কৈছে যে, ২০১৩ চনত নিৰ্মাতাৰ পুস্তিকাত মাৰিয়া আৰু মাইকেল চুমাশ্বাৰৰ নাম দেখাৰ পিছত, তেওঁ চেক্টৰ-৭৩ ত প্ৰকল্পত বিনিয়োগ কৰিছিল। মহিলাগৰাকীৰ অভিযোগৰ পিছতেই গুৰুগ্ৰাম আৰক্ষীয়ে নিৰ্মাতা আৰু প্ৰচাৰৰ বিৰুদ্ধে IPCৰ ধাৰা ৪০৬, ৪২০, ১২০বি ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰে আৰু গোচৰটোৰ তদন্ত আৰম্ভ কৰে।
শ্বাফালীয়ে অভিযোগ কৰিছে যে, প্ৰাক্তন টেনিছ তাৰকাজনে ঠাইখন পৰিদৰ্শন কৰিছিল আৰু এখন টেনিছ একাডেমী আৰু খেলৰ দোকান খোলাৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ উপৰিও অভিযোগটোত কোৱা হৈছে যে, তেওঁলোকে প্ৰকল্পটোৰ প্ৰচাৰ কৰিছিল আৰু তেওঁলোকে মিছা প্ৰতিশ্ৰুতিও দিছিল। সেই সময়ছোৱাত তেওঁলোকে ক্ৰেতাসকলৰ সৈতে নৈশ পাৰ্টিও কৰিছিল।