চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ MMSক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে। বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়খনৰ গাৰ্লছ হোষ্টেলৰ এগৰাকী ছাত্ৰীৰ MMS ভাইৰেল হোৱাৰ কথা স্বীকাৰ কৰি সমগ্ৰ ঘটনাক আৰক্ষীয়ে তদন্ত কৰি আছে বুলি সদৰি কৰিছে।
বিশ্ব বিদ্যালয় খনৰ প্ৰো উপচাৰ্য আৰ এচ বাবাই কেইবাগৰাকীও ছাত্ৰীৰ MMS প্ৰস্তুত কৰি ফাদিল কৰা কথা অস্বীকাৰ কৰিছে। কোনো দুষ্ট চক্ৰ এনে কাম কৰা নাছিল বুলি দাবী কৰি উপাচাৰ্য গৰাকীয়ে কয় যি গৰাকী ছাত্ৰীয়ে সেই অভিযোগ উত্থাপন কৰিছে তেওঁৱেই নিজৰ কোনো ফটো আৰু ভিডিঅ’ প্ৰেমিকলৈ প্ৰেৰণ কৰিছিল। উপচাৰ্যগৰাকীয়ে এই বিষয়টোক লৈ প্ৰচাৰ হোৱা উৰা বাতৰিত ছাত্ৰ ছাত্ৰীসকলক ভোল নাযাবলৈ আহ্বান জনায়। ইফালে বিশ্ববিদ্যালয়খনত দেখা দিয়া এনে পৰিস্থিতিৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দুদিনৰ বাবে বিশ্ববিদ্যালয়ৰ পাঠদান বন্ধ থাকিব বুলি সদৰি কৰিছে।
আন্দোলনকাৰী ছাত্ৰ ছাত্ৰী সকলে অভিযোগ কৰা মতে যি সময়ত বিশ্ববিদ্যলয় কৰ্তৃপক্ষই এই ঘটনাক নুই কৰিছে সেই সময়ত ৬০ টাতকৈ অধিক আপত্তিজনক ভিডিঅ’ পোহৰলৈ আহিছে। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ছাত্ৰ ছাত্ৰী সকলক আশ্বাস দিছে যে এই সমগ্ৰ কাণ্ডৰ উপযুক্ত তদন্ত গুৰুত্ব সহকাৰে কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব।