কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৰ পিয়লিখাতাত নিশা সংঘটিত হৈছে এটা পথ দুৰ্ঘটনা। চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত পিয়লিখাতাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা দুৰ্ঘটনাটোত এজন যুৱক আৰু এগৰাকী যুৱতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গুৱাহাটীৰ দিশৰ পৰা এখন বাইকত গৃহভিমুখে আহি আছিল যুৱক আৰু যুৱতী গৰাকী।
বিপৰীত দিশৰ পৰা অহা এখন মাল পৰিবাহী টাটা ডি আই বাহনৰ সৈতে বাইকখনৰ মুখামুখি সংঘৰ্ষ হয়। ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চিটিকি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক আৰোহী দুজন। আঘাতপ্ৰাপ্ত দুয়ো যুৱক যুৱতী বাক্সা জিলাৰ চৰাইমাৰীৰ গুণদীপ দত্ত আৰু জোনাকী দত্ত বুলি জানিব পৰা গৈছে।
স্থানীয় লোকে ততাতৈয়াকৈ ১০৮ এম্বুলেন্স যোগে তোলাৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে দুৰ্ঘটনা সংঘটিত কৰা টাটা ডি আইখন পলায়ন কৰিবলৈ সক্ষম হয়।