কাশ্মীৰত বহিৰাগত ৰাজ্যৰ শ্ৰমিকৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ। জানিব পৰা মতে সন্ত্ৰাসবাদীয়ে কাশ্মীৰৰ পুলৱামত পশ্চিম বংগৰ মনিৰুল ইচলাম নামৰ শ্ৰমিকজনৰ ওপৰত গুলীচালনা কৰে। গুলীবিদ্ধ শ্ৰমিক জনক হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিয়ে।
অন্যহাতে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰা অঞ্চলটো জম্মু -কাশ্মীৰ আৰক্ষীয়ে ঘেৰাও কৰাৰ লগতে ইয়াৰ তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, যোৱা মাহত সন্ত্ৰাসবাদীয়ে পুলৱামৰ গাদুৰা গাঁৱত গ্ৰেণেড নিক্ষেপ কৰাৰৰ ফলত বিহাৰৰ এগৰাকী শ্ৰমিক নিহত হৈছিল আৰু দুগৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হৈছিল।