অসম চৰকাৰৰ শেহতীয়া নিযুক্তি পৰীক্ষাক কেন্দ্ৰ কৰি চাকৰিৰ এখন বজাৰ সৃষ্টি হোৱা বুলি দাবী কৰি ৰঙাঘৰৰ আলহী হব লগা হল ভিক্টৰ দাস। আনহাতে প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধেও এগৰাকী যুৱতীয়ে টকাৰ বিনিময়ত চাকৰি দিয়াৰ অভিযোগ আনিছে।
এনেধৰণৰ অভিযোগত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে জুৰীয়াৰ এজন যুৱকে আনিছে আন এক অভিযোগ। আমিনুল হক নামৰ যুৱকজনে নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছতে ফেচবুকৰ জৰিয়তে অভিযোগ কৰিছিল উকা অ’ এম আৰ শ্বীট জমা দিছিল তেওঁৰ পৰীক্ষা কেন্দ্ৰৰ এজন যুৱকে। শেহতীয়াকৈ প্ৰকাশ পোৱা উক্ত নিযুক্তি পৰীক্ষাৰ ফলাফলত উকা অ’ এম আৰ শ্বীট জমা দিয়া সেই যুৱকজনে চৰকাৰী চাকৰি লাভ কৰিছে বুলি আমিনুলে দাবী কৰিছে। উল্লেখ্য যে সোমবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল স্বাস্থ্য বিভাগৰ এক নিযুক্তি পৰীক্ষাৰ ফলাফল।
যোৱা মাৰ্চ মাহত স্বাস্থ্য বিভাগে ১৮৮ টা পদৰ বাবে এক নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবে অনুষ্ঠিত কৰা এই পৰীক্ষাত আমিনুল হক নামৰ যুৱকজনো অৱতীৰ্ণ হৈছিল আৰু তেওঁ এক ফেচবুক পোষ্টৰ জৰিয়তে অভিযোগ কৰিছে যে তেওঁৰ সন্মুখত বহা পৰীক্ষাৰ্থীগৰাকীয়ে উকা অ’এম আৰ শ্বীট জমা দিছিল। কিন্তু সোমবাৰে ঘোষণা কৰা ফলাফলত উকা অ’ এম আৰ শ্বীট জমা দিয়া পৰীক্ষাৰ্থীগৰাকী ৰোল নং ফলাফলত প্ৰকাশ পাইছে।
উল্লেখ্য যে আমিনু হকে ১৩ মাৰ্চ ২০২২ ত পৰীক্ষাৰ দিয়াৰ পিছত এক ফেচবুক পোষ্টৰ জৰিয়তে এই বিষয়ে উল্লেখ কৰিছিল। সেই পোষ্টৰ আঁত ধৰি আমিনুলে নিযুক্তি কেলেংকাৰীৰ অভিযোগ তুলি ফেচবুকত পুনৰ লিখিছে এনেদৰে- ”চৰকাৰী চাকৰিৰ নামত দুৰ্নীতি কাক কয় আজিহে বুজিলো। কিয়নো যোৱা কালি দিয়া ৰিজাল্টত যিজনে উত্তৰ বহী উকা জমা দিলে তাৰ ৰোল নং চিলেকচনত উঠিছে। পৰীক্ষাৰ দিনাই মই আপডেট দিছিলো। ৰোল নং-১২৬৯০০৪২ নামটো অমিত নে কিবা আছিল টাইটেল পাহৰিলো। ধেমাজি পাবলিক স্কুলত পৰীক্ষা দিয়া সকলো পৰীক্ষাৰ্থীক আৰু পৰীক্ষকক মাতি সুধিলেই গম পাব পৰীক্ষাৰ দিনা কি হৈছিল। মোৰ আগৰ বেঞ্চত বহি থকা পৰীক্ষাৰ্থী জনে যেতিয়া OMR Sheetখন জমা দিব বিচাৰে তেতিয়া বাইদেউ এজনীয়ে মাত লগায় উকা বহী জমা নলও। তেতিয়া লগে লগে মই পিছফালৰ পৰা থিয় হৈ মাত লগাও আৰু সকলো পৰীক্ষক আৰু পৰীক্ষাৰ্থী একগোট হৈ জবৰদস্তি ৫/১০ টা মান উত্তৰ লিখিবলৈ বাধ্য কৰা হয়। লগতে তাত থকা ফটো পৰীক্ষকে ব্যক্তি জনৰ লাইভ ভিডিঅ’ৰ লগতে ফটো আধাৰ কাৰ্ডৰ ফটো তুলি ৰাখে। ওলাই আহোতে কৈ আহিছিলো পৰীক্ষকসকলক ৰোল নং লিখি ৰাখিছো ৰিজাল্ট দিয়াৰ পিছত চাম। আজি তাৰ ৰিজাল্ট শ্বীট আৰু ৫ মাহ আগত দিয়া মোৰ আপডেট আগবঢ়ালো। যেতিয়ালৈকে চাকৰিৰ নামত দুৰ্নীতি হ’ব সিমান দিন যোগ্য জনে চাকৰি নাপায়।”
আমিনুল হক নামৰ বিশেষ ভাৱে সক্ষম যুৱকজনে এইদৰেই চৰকাৰী চাকৰিৰ নিযুক্তিত সৃষ্টি হোৱা বিসংগতি তথা দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে।