বৰপেটাৰোডত এগৰাকী বনকৰা যুৱতীৰ অৰ্ধদগ্ধ মৃতদেহ উদ্ধাৰ হোবা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৰপেটাৰোডৰ ডাউনটাউনৰ বুদ্ধদেৱ ফাদাংগিৰী নামৰ লোকজনৰ ঘৰত ভাৰাতীয়া হিচাপে থকা শিক্ষক বদ্ৰী লুইটেলৰ ঘৰত বনকৰা যুৱতী হিচাপে আছিল৷ সোমবাৰে শিক্ষক বদ্ৰী লুইটেল আৰু তেওঁৰ শিক্ষয়িত্ৰী পত্নীয়ে বিদ্যালয়ত পাঠদান কৰিবলৈ যোৱাৰ পাছত পৰিত্যক্ত টিনপাতৰ চালি এখনৰ তলত অগ্নিদগ্ধ অৱস্থাত বনকৰা যুৱতীগৰাকীৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি শিক্ষকগৰাকীৰ পুত্ৰই পিতৃ–মাতৃক খবৰ দিয়ে৷
বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ওম প্ৰকাশ তিৱাৰীয়ে উক্ত স্থানত উপস্থিত হৈ বনকৰা যুৱতীগৰাকীৰ কাষত কেৰাচিন তেলৰ বটল আৰু কিছু খৰি পৰি থকা প্ৰত্যক্ষ কৰি জিলাৰ আৰক্ষী অধীক্ষকক খবৰ দিয়ে৷ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। বনকৰা যুৱতী গৰাকীৰ ৰহস্যজনক মৃত্যু সম্পৰ্কত আৰক্ষীয়ে শিক্ষক বদ্ৰী লুইটেল আৰু তেওঁৰ পুত্ৰক সোধা–পোছাৰ বাবে আটক কৰিছে বুলি আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জানিবলৈ দিয়ে৷ বনকৰা যুৱতীগৰাকীৰ এয়া হত্যা নে আত্মহত্যা সেয়া জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে জোৰ তদন্ত অব্যাহত ৰাখিছে৷ আনহাতে বনকৰা যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।