ৰাজ্যত ক্ৰমান্বয়ে বাঢ়ি আহিছে অনলাইন প্ৰৱঞ্চনাৰ ঘটনা। এইবাৰ ধুবুৰী উপায়ুক্তৰ নাম লৈ WhatsAppযোগে ধনদাবী প্ৰৱঞ্চকৰ। উপায়ুক্ত কাৰ্যালয়ৰ বিভিন্ন কর্মচাৰীৰ লগতে কেইবাজনো অতিৰিক্ত উপায়ুক্তক মেছেজ। WhatsAppত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি আমাজন পে ই গিফ্ট কাৰ্ড কিনি দিয়াৰ বাবে দিয়া হৈছিল মেছেজ। প্ৰতিটো গিফ্ট কাৰ্ডৰ মূল্য ১০ হেজাৰ টকা। প্ৰতিজন কৰ্মচাৰী, অতিৰিক্ত উপায়ুক্তক ১১টাকৈ গিফ্ট কাৰ্ড কিনি দিয়াৰ মেছেজ।
মেছেজ পাই হাহাকাৰ লাগে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ লগতে অতিৰিক্ত উপায়ুক্তসকলৰ মাজত। উপায়ুক্তই লগে লগে স্পষ্ট কৰি দিয়ে যে, এয়া দুষ্টচক্ৰৰ ধন লুটাৰ কৌশল। জিলা উপায়ুক্তই সকলোকে সতৰ্ক হোৱাৰ আহ্বান জনায়।