ভাৰত চৰকাৰে BBCক কটাক্ষ কৰি কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত যিখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে সেয়া পক্ষপাতিত্বৰ সৈতে প্ৰচাৰ কৰিছে আৰু এনে তথ্যচিত্ৰক গুৰুত্ব দিয়া উচিত নহয়। BBCয়ে তথ্যচিত্ৰখন সস্তীয়া প্ৰচাৰ, পক্ষপাতী আৰু ঔপনিৱেশিকৰ মানসিকতা প্ৰদৰ্শন কৰে।
উল্লখ্য যে, এই তথ্যচিত্ৰখন ২০০২ চনৰ গুজৰাট হিংসাৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। বিদেশ মন্ত্ৰালয়ে কয় যে শেহতীয়াকৈ BBCয়ে প্ৰধানমন্ত্ৰীৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰখন কেৱল কু প্ৰচাৰৰ অংশ, যিয়ে ২০০২ চনৰ গুজৰাট হিংসাৰ সময়ত প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
লগতে কয় যে এই তথ্য চিত্ৰ নিৰ্মাণৰ আঁৰত হয়তো বেলেগ কাৰণ আছে। ২০০২ চনত গুজৰাটত হিংসাত্মক কাৰ্যকালাপ সংঘটিত হৈছিল আৰু সেই সময়ত নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল। কিন্তু উচ্চতম ন্যায়ালয়ে মোডীক ক্লীনছিট দিছিল।