সন্দেহৰ আৱৰ্তত কে কেৰ মৃত্যু!। কলকাতাৰ CMRI হাস্পতালত জনপ্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। বহুতেই এতিয়াও বিশ্বাস কৰিব পৰা নাই কেকেৰ মৃত্যুৰ বাতৰি। তাৰ মাজতেই কলকাতা আৰক্ষীয়ে দিলে এক বিশেষ ইংগিত।
জানিব পৰা মতে, কলকাতাৰ নজৰুল মঞ্চত মঙ্গলবাৰে নিশা সংগীত পৰিৱেশন কৰি থকাৰ সময়ত অসুস্থ হৈ পৰা কেকেক অনুষ্ঠান সমাপ্তিৰ লগে লগে তেওঁৰ হোটেললৈ লৈ যোৱা হৈছিল। নজৰুল মঞ্চত আসনৰ সংখ্যা আছিল মাত্ৰ ২৫০০, কিন্তু সেই অনুষ্ঠানত ৭০০০ ৰো অধিক লোকে প্ৰৱেশ কৰিছিল।
আনহাতে জনপ্ৰিয় শিল্পীগৰাকীৰ দেহত স্পষ্ট হৈ আছে আঘাতৰ চিন। সুৰা সেৱন, ধুমপানৰ দৰে বদ অভ্যাস নথকা কেকেৰ দেহত কিদৰে আহিল এই আঘাতৰ চিন? কলকাতা আৰক্ষীয়ে সেয়েহে কেকেয়ে বাহৰ পতা হোটেলৰ CCTV কেমেৰাৰ ফুটেজ বিচাৰাৰ লগতে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি ইতিমধ্যে কেকেৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে। কলকাতা আৰক্ষীয়ে গোটেই ঘটনাটো নতুনকৈ তদন্ত কৰিবলৈ লোৱা কাৰ্যই এতিয়া তেওঁৰ মৃত্যুৰ ঘটনাক ৰহস্যৰ মাজলৈ লৈ গৈছে।