প্ৰাগ নিউজৰ উজনি অসমৰ ব্যুৰ’ চীফ উৎপল বৰাক সোমবাৰে যোৰহাট নগৰত অৱস্থিত সংবাদ প্রতিষ্ঠানটোৰ কাৰ্যালয়ত দুর্বৃত্তই আক্ৰমণ কৰা ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি তীব্ৰ গৰিহণা দিছে জাৰ্নেলিষ্ট ইউনিয়ন অব আসামে।
জুৱাৰ সভাপতি চেমিম চুলতানা আহমেদ আৰু সাধাৰণ সম্পাদক ধনজিৎ কুমাৰ দাসে দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি বিহিবলৈ আৰক্ষী – প্ৰশাসনক দাবী জনাইছে। ৰাজ্যত শেহতীয়াকৈ সাংবাদিক নিগ্ৰহৰ ঘটনা এটাৰ পাছত আনটো সংঘটিত হৈছে। এনে ঘটনা ৰোধ কৰিবলৈ অসম চৰকাৰক জুৱাই দাবী জনায়।