গুৱাহাটী মহানগৰীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্রাস। বৃহস্পতিবাৰে দিন-দুপৰতে মহানগৰীৰ ৰাজগড়ৰ ১১ নং উপ-পথত এক ডকাইতি কাণ্ড সংঘটিত হয়। পথেৰে গৈ থকা এগৰাকী বৃদ্ধাৰ ডিঙিৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে সোণৰ চেইন।
উল্লেখ্য যে এখন বাইকত অহা দুই দুৰ্বৃত্তই মহিলাগৰাকীৰ ডিঙিক পৰা চেইন কাঢ়ি সেই স্থানৰ পৰা পলায়ন কৰে। এনে ধৰণৰ ঘটনা সঘনাই সংঘটিত হৈ আহিছে গুৱাহাটী মহানগৰীত। আনহাতে ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে চানমাৰি থানাত ৰুজু কৰে এক গোচৰ।