চলিত বিত্তীয় বৰ্ষৰ শেষৰটো দেওবাৰৰ বন্ধৰ দিনাও বিভাগৰ কাৰ্যালয় সম্পূৰ্ণ খোলা ৰাখি যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে ৰাজপথত তন্নতন্নকৈ তালাচীৰে অলক্লিয়াৰ অভিযান চলালে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে৷
ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ নেতৃত্বত বিভাগৰ উচ্চপদস্থ বিষয়াৰ বৃহৎ অভিযানকাৰী দলে মহানগৰীৰ বেতকুছিত খানাপাৰা অভিমুখী আৰু জালুকবাৰী অভিমুখী দুয়োতা পথত তালাচী চলোৱাৰ উপৰিও ভূটনাথ, সাওঁকুছি, চামতা, সোনাপুৰ, ন-মাইল অঞ্চলৰ গুৰুত্বপূৰ্ণ স্থানত জোৰদাৰ তালাচী চলায়। যানবাহন পৰিদৰ্শক অমৰ বৰুৱা, জয়সিং ৰংফাৰ, দুৰ্গা গগৈ, বলেন পাঠক, প্ৰৱৰ্তক পৰিদৰ্শক মৰমী পাঠকৰ লগতে জয়ন্ত কাকতি, বদ্ৰুল আলি, ধীৰাশ্ৰী দাস, সুমীত্ৰা চৌধুৰী, বেবীলতা দলে, দীপাঙ্কৰ শৰ্মা, প্ৰণৱ কলিতা, পংকজ দাস, ৰিংকু কলিতা, সাধনা বৰুৱা, সিদ্ধেশ্বৰ ৰাহাং, পংকজ বৰাকে ধৰি বিভাগৰ বিভিন্ন উচ্চপদস্থ বিষয়া-কৰ্মী যোৱা কেইদিনৰ দৰে দেওবাৰেও কেইবাটাও ভাগত বিভক্ত হৈ গুৰুত্বপূৰ্ণ স্থানসমূহত ১০০০ৰো অধিক বাহনত তালাচী চলায়৷
তালাচীৰ সময়ত দীৰ্ঘদিন ধৰি যান-বাহনৰ কৰ আদায় নিদিয়াৰ লগতে নথিপত্ৰৰ বিভিন্ন বিসঙ্গতিত ৭৫খনৰো অধিক বাহনৰ বিৰুদ্ধে ঠিতাতে গোচৰ ৰুজু কৰি ২বিলাসী অডি বাহনসহ ব্যক্তিগত আৰু ব্যৱসায়িক ২৮খনৰো অধিক বাহন জব্দ কৰে। উল্লেখ্য যে জব্দ হোৱা বহু বাহনেই ঠিতাতে জৰিমণাসহ কৰ আদায় দি দোষমুক্ত হোৱাৰ বিপৰীতে বহুতেই বিভাগৰ কাৰ্যালয় চৌহদতে আবদ্ধ হৈ থাকিবলগীয়া হয় ৷ যান-বাহনৰ কৰ আদায়ৰ বাবে নিৰ্দ্ধাৰিত চূড়ান্ত সময়সীমালৈ মাজত মাথো দুটামান দিনহে থকা অৱস্থাতো বহুতেই কৰ আদায় নিদিয়াৰ উপৰি আন বহুতেই নিজৰ যান-বাহনসমূহ লুকুৱাই ৰখা সন্দৰ্ভত এনে বাহনৰ বিৰুদ্ধে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পৰিবহণ বিষয়া গৌতম দাসে কয় যে, যানবাহন বিধি অনুসৰি যান-বাহন কৰ পৰিশোধ কৰাৰ পাছতহে পথত চলাচল কৰাৰ অধিকাৰ পায় ৷ তদুপৰি নথিপত্ৰসমূহ সকলো সময়তে নৱীকৰণ হৈ থাকিব লাগিব ৷ এনেক্ষেত্ৰত সকলো দিশৰ পৰা ‘বৈধ’ হৈ নথকা বাহনকলৈ ৰাজপথত কেতিয়াও সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তোলাতো সম্ভৱ নহয়৷ ইমানৰ পাছতো নিয়ম অমান্য কৰাসকলে কেনেধৰণৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব সেয়া সময়ত সকলোৱে গম পাব আৰু মানি লবলৈ বাধ্য হ’ব লাগিব বুলিও বিষয়াগৰাকীয়ে মন্তব্য কৰে৷