চোতালত পুতি থোৱা অৱস্থাত তেজপুৰত বৃহৎ পৰিমাণৰ গুপ্তধন উদ্ধাৰ৷ প্ৰায় ১৫ লক্ষাধিক টকা আলিচিঙাৰ আব্দুল কৰিম নামৰ লোকজনৰ চোতালৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে৷ আব্দুল কৰিমে গোপনে টকা মজুত কৰি ৰখাৰ খবৰ আৰক্ষীয়ে লাভ কৰাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় উক্ত টকাখিনি।
চোতালত ঘৰৰ চিৰিৰ তলত গাত খান্দি এটা ট্ৰাংকত লুকুৱাই ৰাখিছিল টকাখিনি৷ দীৰ্ঘ সময় ধৰি চলা অভিযানৰ অন্তত গাঁতৰ পৰা উদ্ধাৰ কৰা হয় টকাভৰ্তি ট্ৰাংকটো৷ আৰক্ষীৰ উপস্থিতি গম পাই পলায়ন কৰে আব্দুল কৰিমে৷ শোণিতপুৰৰ উপ–আৰক্ষী অধীক্ষকৰ নেতৃত্বত বৰঘাট আৰক্ষীয়ে চলাইছিল অভিযান৷
আব্দুল কৰিম এজন তান্ত্ৰিক আৰু ইতিপূৰ্বে গাড়ী চুৰিৰ গোচৰ আৰু বেজালিৰ বাবে জে’ললৈ গৈছিল তেওঁ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷