• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিজেপি মন্ত্ৰীসভাত চোৰ! কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা

নিউজ ডেস্ক by নিউজ ডেস্ক
November 18, 2022
in ক্ৰাইম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
বিজেপি মন্ত্ৰীসভাত চোৰ! কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা
Share on FacebookShare on Twitter

মোডী মন্ত্ৰীসভাৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীৰ বিৰুদ্ধে জাৰি গ্ৰেপ্তাৰী পৰোৱানা। চুৰি, ধন দাবীৰ দৰে গোচৰত এই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আলিপুৰদুৱাৰৰ এখন আদালতে।

গুজৰাট আৰু হিমাচল প্ৰদেশৰ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই দুয়োখন ৰাজ্যতে বিজেপিয়ে ইতিমধ্যে প্ৰৱল প্ৰতিষ্ঠান বিৰোধী ঢৌৰ মুখামুখি হ’বলগীয়া হোৱাৰ মাজতে বিজেপি পৰিল আন এক বিপদত। এইবাৰ এগৰাকী কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীৰ বিৰুদ্ধে জাৰি হৈছে গ্ৰেপ্তাৰী পৰোৱানা। আলিপুৰদুৱাৰ ন্যায়িক তৃতীয় আদালতে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিশীথ প্ৰামাণিকৰ বিৰুদ্ধে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা।

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিশীথ প্ৰামাণিকৰ বিৰুদ্ধে উত্থাপিত হৈছে চুৰি, ধন দাবী আৰু অনাধিকাৰ প্ৰৱেশৰ অভিযোগ। নিশীথ প্ৰামাণিকৰ বিৰুদ্ধে IPCৰ ধাৰা ৪৫৭, ৩৮৩ আৰু ৪১১ অধীনত ৰুজু হৈ আছে গোচৰ। ইয়াৰে ধাৰা ৪৫৭ৰ অধীনত ঘৰত অনাধিকাৰ প্ৰৱেশ, ধাৰা ৩৮৩ৰ অধীনত ধন দাবী আৰু ধাৰা ৪১১ ৰ অধীনত চুৰি সম্পত্তি আহৰণ কৰাৰ অভিযোগ আছে নিশীথ প্ৰামাণিকৰ বিৰুদ্ধে।

উল্লেখ্যে যে, নিশীথ প্ৰামাণিকৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ ১৩ বছৰ পূৰণি। ২০০৯ চনত আলিপুৰদুৱাৰত সংঘটিত হৈছিল এই ঘটনা। এই গোচৰ উত্তৰ ২৪ পৰগণা জিলাৰ বাৰাসাতৰ এখন বিশেষ সাসংদ/বিধায়ক আদালতৰ পৰা কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত আলিপুৰদুৱাৰ আদালতলৈ স্থানান্তৰ কৰা হৈছিল।

ইফালে এই গোচৰত অন্যান্য অভিযুক্তসকলে ১১ নৱেম্বৰত জামিনৰ আৱেদন দাখিল কৰিছিল যদিও মন্ত্ৰী নিশীথ প্ৰামাণিকৰ ফালৰ পৰা জামিন আৱেদন দাখিল কৰা হোৱা নাছিল বুলি উল্লেখ কৰিছে গোচৰটোৰ চৰকাৰী অধিবক্তা পি নাৰায়ণ মজুমদাৰে।

বহু বিতৰ্কিত মোডী মন্ত্ৰীসভাৰ এইগৰাকী মন্ত্ৰী নিশিথী প্ৰমাণিৰ নাগৰিকত্বক লৈও বিতৰ্কৰ সূচনা হৈছিল। সেই সময়ৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ আৰু বৰ্তমানৰ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি অভিযোগ কৰিছিল নিশীথ প্ৰমানিক এজন বাংলাদেশী। তেওঁৰ নাগৰিকত্বৰ তদন্ত কৰা উচিত। অৱশ্যে বিজেপিয়ে ৰিপুন বৰাৰ এই অভিযোগ খাৰিজ কৰিছিল।

Previous Post

নলবাৰীত বৃহস্পতিবাৰে ৩ টা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬ জনে!

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

৫০ বছৰীয়া হ’ল অসমবাসীৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ

৫০ বছৰীয়া হ'ল অসমবাসীৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ

দ্যা মছলা ৱক ৰেষ্টুৰেন্টত ডঃ সংগীতা কাকতিৰ “বীৰ লাচিত বৰফুকন” গীত মুকলি

দ্যা মছলা ৱক ৰেষ্টুৰেন্টত ডঃ সংগীতা কাকতিৰ "বীৰ লাচিত বৰফুকন" গীত মুকলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8