IAS বিষয়া সঞ্জীৱ খিৰৱাৰৰ এক নিন্দনীয় কাৰ্যই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। দিল্লীৰ এখন ষ্টেডিয়ামত নিজৰ পোহনীয়া কুকুৰ ফুৰাবৰ বাবে তেওঁ তাৰ পৰা এথলীটসকলক আঁতৰাই পঠিওৱাৰ অভিযোগ উঠিছিল আৰু তাৰ ভিডিঅ’ সৰ্বত্ৰে ভাইৰেল হৈ পৰিছিল।
ইয়াৰ পাছতে এই ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। এই প্ৰতিক্ৰিয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে IAS বিষয়াগৰাকী আৰু তেওঁ পত্নীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। সঞ্জীৱ খিৰৱাৰক লাডাখলৈ বদলি কৰাৰ লগতে তেওঁৰ প্ৰশাসনিক বিষয়া পত্নী ৰিংকু ডুগ্গাক অৰুণাচল প্ৰদেশলৈ বদলি কৰা হৈছে।