নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ অসমৰ দিশত খহিল পাহাৰৰ মাটি।দুই নম্বৰ টানেলৰ ওপৰৰ অংশ ক্ষতিগ্রস্ত হৈছে হোৱাৰ লগতে ভিউ পইণ্টলৈ যোৱা পথটোৰ এটা অংশও খহি পৰিল।
দুই নম্বৰ টানেলৰ ওপৰৰ পথ ভাঙি সোমাই গ’ল টানেলৰ ভিতৰলৈ ৷ মূল বান্ধ নিৰ্মাণৰ বাবে এই টানেলেৰে বান্ধত পানীখিনি বোৱাই দিয়া হয় ৷ এই ঘটনাই পুনৰ বিশেষজ্ঞৰ মতামতক প্ৰতিষ্ঠা কৰি প্ৰমাণ কৰিলে বৃহৎ নদী বান্ধৰ বাবে অনুপযোগী গেৰুকামুখৰ পাহাৰ ৷