যান-বাহনৰ বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান অব্যাহত আছে। ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ তত্বাৱধানত, কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ যান-বাহন পৰিদৰ্শক অমৰ বৰুৱা আৰু জয়সিং ৰংফাৰৰ সহযোগত জোনালী পাটোৱাৰী, ছফিকুল আহমেদ আৰু ৰজনী আঠকুৰীয়াকে ধৰি বিষয়া-কৰ্মীৰ এটা দল মঙলবাৰে মহানগৰীৰ কামাখ্যা, মালিগাওঁ, মাছখোৱা, শান্তিপুৰ আৰু কুমাৰপাৰাৰ বিভিন্ন অঞ্চলত অভিযানত নামে৷
অভিযানকালত বিভাগৰ দলটোৱে ব্যক্তিগত আৰু ব্যৱসায়িক বিভিন্ন যান-বাহনৰ মালিক, যান-বাহন ব্যৱহাৰকাৰী উদ্যোগ-প্ৰতিষ্ঠান আৰু বিভিন্ন নিৰ্মাণকাৰী সংস্থাৰ কাৰ্যালয়ত উপস্থিত হৈ ডিমাণ্ড নটিছ প্ৰদান কৰে ৷ লগতে অভিযানকাৰী দলটোৱে যান-বাহনৰ অনাদায়কৃত কৰ শীঘ্ৰে পৰিশোধ কৰি ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তুলিবলৈ কৰ অনাদায়কাৰী সকলৰ প্ৰতি আহ্বান জনায় ৷