• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দিল্লীৰ মহিলা সাংবাদিকক অপদস্থ কৰা OLA চালকক ধৰি আৰক্ষীক গতালে পৰিবহণ বিভাগে

নিউজ ডেস্ক by নিউজ ডেস্ক
May 28, 2022
in ক্ৰাইম, গুৱাহাটী, সংবাদ
1 min read
0
দিল্লীৰ মহিলা সাংবাদিকক অপদস্থ কৰা OLA চালকক ধৰি আৰক্ষীক গতালে পৰিবহণ বিভাগে
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীত যাত্ৰীক অনলাইন মাধ্যমৰ জৰিয়তে সেৱা আগবঢ়াই অহা একাংশ OLA, UBER, PeIndia, Rapido চালকে ভাড়াৰ নামত যাত্ৰীক শাৰীৰিক – মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে গন্তব্য স্থানলৈ যোৱাৰ সলনি আদ বাটতে নমাই দিয়াৰ অভিযোগো আছে। অৱশেষত জিলা উপায়ুক্তৰ নিৰ্দেশত আজি দিল্লীৰ যুৱতী সাংবাদিক এগৰাকীক অপদস্থ কৰা তেনে এজন চালকক পৰিবহণ বিভাগৰ কামৰূপ মহানগৰ জিলাৰ ( প্ৰৱৰ্তক ) জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ নেতৃত্বত পৰিবহণ বিভাগৰ এটা দলে আটক কৰি আৰক্ষীক গতাই দিয়ে।

প্ৰাপ্ত খবৰ মতে দিল্লীৰ নিকিতা জৈন নামৰ যুৱতী সাংবাদিকগৰাকী এজন সতীৰ্থৰ সৈতে কামাখ্যালৈ যাবৰ বাবে আজি পুৱা ১০ মান বজাত বেলতলাৰ পৰা অনলাইনত এখন OLA Cab বুক কৰে। কিন্ত চালকজনে গন্তব্যস্থানত গৈ অনলাইনত ভাড়া লবলৈ অমান্তি হোৱাৰ লগতে অধিক ভাড়া বিচাৰে। ফলত এই লৈ দুয়ো পক্ষৰ মাজত তৰ্ক-বিতৰ্ক হোৱাৰ মাজতে চালকজনে নিকিতা জৈন আৰু সতীৰ্থ জনক বাংলাদেশী বুলি অভিহিত কৰে। আনকি চালকজনে নিকিতা জৈনৰ সৈতে অহা সতীৰ্থ জনক ৰদেৰে প্ৰহাৰ কৰিবলৈও উদ্যত হয়।

অৱশ্যে কিছু সময় পাছতে নিকিতা জৈনে টুইট যোগে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝাঁক বিষয়টো বাহনখনৰ নম্বৰসহ অৱগত কৰে। লগে লগে উপায়ুক্ত ঝাঁই কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসক চালকসহ বাহনখন জব্দ কৰিবলৈ নিৰ্দেশ দিয়ে। অৱশেষত বাহনখনৰ নম্বৰৰ আঁত ধৰি চালকজনৰ মবাইল ফোনৰ অৱস্থিতিৰ সহায়ত লখৰাৰ সমীপত বাহনখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰিবলৈ সক্ষম হয়। আটক হোৱা চালকজনক প্ৰকাশ গগৈ বুলি চিনাক্ত কৰা হৈছে। অৱশেষত উপায়ুক্তৰ নিৰ্দেশত চালকজনৰ বিৰুদ্ধে গোচৰ ৰজু কৰি জালুকবাৰী আৰক্ষী থানাত গতাই দিয়ে।

আনহাতে জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে জানিবলৈ দিয়া মতে আগন্তক দিনত যদি গুৱাহাটীত কোনো অলা , উবেৰ , ৰেপিডো, পে ইণ্ডিয়াৰ চালকে সেৱা আগবঢ়োৱাৰ নামত যদি যাত্ৰীক হাৰাশাস্তি কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ আৰু বাহনৰ পঞ্জীয়ন পত্ৰ নিলম্বন বা বাতিল কৰাৰ লগতে চালকৰ বিৰুদ্ধে আৰক্ষীত গোচৰ ৰজু কৰা হব।

Previous Post

মৃতদেহ! ৰাজ্যৰ বিভিন্ন স্থানত চিনাক্ত-অচিনাক্ত মৃতদেহ উদ্ধাৰ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

জৰ্দানৰ হাতত পৰাজিত ভাৰতীয় ফুটবল দল

জৰ্দানৰ হাতত পৰাজিত ভাৰতীয় ফুটবল দল

চেম্পিয়নছ লীগত চেম্পিয়ন ৰিয়েল মাদ্ৰিদ

চেম্পিয়নছ লীগত চেম্পিয়ন ৰিয়েল মাদ্ৰিদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8