দাবী কৰা ধন নিদিয়াৰ বাবেই টিহুৰ নাথকুছিত এগৰাকী ট্ৰাক চালকক আৰক্ষীয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
প্ৰকৃতাৰ্থত নলবাৰী জিলাৰ টিহু থানাৰ অন্তৰ্গত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতৰ ৰূপত আবিৰ্ভাৱ হয় টিহু থানাৰ আৰক্ষী। ট্ৰাক চালকে টিহু থানাৰ নাথকুছিৰ পহৰা চকীৰ আৰক্ষীক ২৫ হাজাৰ টকা গুণ্ডাটেক্স আদায় নিদিয়াৰ বাবে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি চালকক মৃতপ্ৰায় অৱস্থাৰে ঘাইপথত পেলাই থয় বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণী মতে ধুবুৰী পৰা গুৱাহাটীমুখী ডব্লিউ বি ০৩-বি-২৪৫২ নম্বৰৰ ট্ৰাকখন ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নাথকুছি পোৱাৰ লগে লগে টিহু থানাৰ অন্তৰ্গত নাথকুছিৰ আৰক্ষীয়ে আগভেটি ধৰি বিভিন্ন অজুহাতত ট্ৰাক চালকজনৰপৰা ২৫ হাজাৰ টকা বিচাৰে। উপায়ান্তৰ হৈ ট্ৰাক চালক জেহেৰুল ইছলামে নগদ ৪ হাজাৰ টকা আৰু ‘ফোন পে’যোগে ১৬ হাজাৰ টকা আদায় দিয়াতো মান্তি নহয় আৰক্ষী।
নাথকুছি আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ট্ৰাক চালক জেহেৰুলে ধন আদায় দিব নোৱাৰাত ট্ৰাকৰপৰা নমাই আনি আৰক্ষীয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি চালকগৰাকীক ৰাষ্ট্ৰীয় ঘাইপথত পেলাই থয়। আৰক্ষীৰ এনে কাৰ্যৰ প্ৰত্যক্ষদৰ্শী ট্ৰাক চালকে তীব্ৰ প্ৰতিবাদ জনাই ৰাষ্ট্ৰীয় ঘাইপথত শ-শ ট্ৰাকে বিশৃংখল সৃষ্টি কৰি গাড়ী মটৰৰ চলাচল বন্ধ কৰি দিয়ে।
উক্ত ঘটনাৰ সংক্ৰান্তত ইতিমধ্যে নলবাৰী জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে অপূৰ্ব পাটগিৰী আৰু অমিত হাজং নামৰ দুজন আৰক্ষীক নিলম্বন কৰিছে । এই ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছে উপ আৰক্ষী অধীক্ষকক।