ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই ৰাজ্য জোকাৰি যোৱাৰ পিছতেই বৰ্তমান ৰাজ্যৰ আন আন শিক্ষানুষ্ঠানৰ ৰেগিঙৰ অধ্যায়ো পোহৰলৈ আহিছে। এইবাৰ অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হোৱা ৰেগিঙৰ ঘটনা পোহৰলৈ আহিছে। কনিষ্ঠ ছাত্ৰক ৰেগিং কৰি বহিষ্কাৰ হ’ল অসম চিকিৎসা মহাবিদ্যালয়ৰ দুজন ছাত্ৰ।
মহাবিদ্যালয় কৰ্তৃপক্ষই ৰেগিঙৰ বাবে বহিষ্কাৰ কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ দুজন ছাত্ৰক। অস্থি ৰোগ বিভাগৰ ছাত্ৰ ডাঃ চয়ন মুখাৰ্জী আৰু ডাঃ চাকেত শ্বৰাফক ৬ মাহৰ বাবে হোষ্টেল আৰু চিকিৎসা মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছে।