বোকাখাত আৰক্ষীয়ে মঙলবাৰে গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত দুজন ব্যক্তিক গড়ঁৰ খৰ্গসহ আটক কৰিবলৈ সক্ষম হয়। বোকাখাতৰ ম’হমাইকী গাওঁৰ নিজা বাসগৃহৰ পৰা ভক্ত বাহাদুৰ থাপা নামৰ এজন লোকক আটক কৰে আৰক্ষীয়ে৷
ধৃত লোকজনৰ ঘৰত অভিযানকাৰী আৰক্ষীৰ দলে মোনাত লুকুৱাই থোৱা অৱস্থাত এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰে৷ পৰৱৰ্তী সময়ত ধৃত ভক্ত বাহাদুৰ থাপাৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে অভিযান চলায় বোকাখাত আমটেঙা গাওঁ নিৱাসী বোধেশ্বৰ চিন্তে ওৰফে বুধাই চিন্তেক গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়়িত থকাৰ অপৰাধত আটক কৰে ৷
উল্লেখযোগ্য যে ভক্ত বাহাদুৰ থাপা কাজিৰঙাৰ গঁড়ৰ চোৰাং চিকাৰৰ সৈতে পূৰ্বৰ পৰাই জড়িত বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷ অৱশ্যে ফৰেনচিক পৰীক্ষাৰ পিচতহে উদ্ধাৰ হোৱা গঁড় খৰ্গটো আচল নে নকল জানিব পৰা যাব৷ উদ্ধাৰ হোৱা গড়ঁৰ খৰ্গটোৰ ওজন ২.৩৫২ কিলোগ্ৰাম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড়ঁ সুৰক্ষাৰ বাবে নিয়োজিত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি দত্তই গড়ঁ চিকাৰী দুটাক সোধপোচ অব্যাহত ৰাখিছে।