হোলীৰ আনন্দৰ মাজতে আজি কামৰূপৰ কমলপুৰত ঘটিল অঘটন। পুঠিমাৰী নদীত সলিল সমাধি ঘটিল দুজন যুৱকৰ। মৃত যুৱক দুজন প্ৰতীম শৰ্মা (২১) আৰু কৌশিক শৰ্মা (১৯) বুলি জানিব পৰা গৈছে। তেওঁলোকে বিশ্বজিৎ দাস আৰু হৃষীকেশ শৰ্মা নামৰ আন দুজন বন্ধুৰ সৈতে ফাকুৱা খেলি নদীত গা ধুবলৈ গৈছিল।
দুই যুৱক নদীত নমাৰ পিছত পানীৰ তলৰ সোঁতে উটুৱাই নিয়ে। স্থানীয় লোকে হৃষীকেশ আৰু বিশ্বজিতক জীৱিত অৱস্থাত উদ্ধাৰ কৰে যদিও প্ৰতীম আৰু কৌশিকৰ মৃতদেহহে উদ্ধাৰ হয়।
সংকটজনক অৱস্থাত হৃষীকেশ আৰু বিশ্বজিতক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হয়। আৰক্ষীয়ে গোটেই ঘটনাটোৰ এক তদন্তৰ ব্যৱস্থা কৰিছে।