ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে অসম আৰক্ষীৰ৷ দেওবাৰে গোপন সুত্ৰৰ ভিত্তিত সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজান দিগবীৰ বস্তিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
১৩ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছখিনি ৷ জব্দ হোৱা ড্ৰাগছখিনিৰ পৰিমাণ প্ৰায় ১৫৫ গ্ৰাম ৷ ইফালে জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ২ লাখ ৫০ হাজাৰ টকা বুলি অনুমান কৰা হৈছে ৷ AS03 AA 1090 নম্বৰৰ বলেৰ’ বাহনত মণিপুৰৰ পৰা ডিমাপুৰ হৈ গোলাঘাটলৈ সৰবৰাহ কৰিবলৈ লওতেই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ কৰায়ত্ত কৰে ধৃত দুই সৰবৰাহকাৰীক৷
গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণ্ময় দাসৰ নেতৃত্বত সৰুপথাৰ, নাওজান আৰু চুঙাজান থানাৰ আৰক্ষীৰ এটা বৃহৎ দলে জব্দ কৰে ড্ৰাগছখিনি৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম নুৰচাদ আলী আৰু মাৰাজুল হুচেইন বুলি জানিব পৰা গৈছে ৷ এই ঘটনাই সমগ্ৰ ধনশিৰি মহকুমাতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷