কাশ্মীৰত ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে সন্ত্ৰাসমূলক কাৰ্যকলাপ। উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে অমিত শ্বাহ জম্মু কাশ্মীৰত উপস্থিত হ’ব ৩ ছেপ্টেম্বৰত। কিন্তু অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বেই ২৮ ছেপ্টেম্বৰ বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱাই দুটাকৈ ভয়ংকৰ বিস্ফোৰণে কঁপাই তুলিলে জন্মুৰ উধমপুৰ চহৰক। উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৩০ ছেপ্টেম্বৰত জন্মু-কাশ্মীৰত উপস্থিত হোৱাৰ কথা আছিল। ১ আৰু ২ অক্টোবৰত তেওঁ ৰাজৌৰী আৰু আৰু বাৰামুলাত দুখন ৰাজহুৱা সভা সম্বোধন কৰাৰ সূতী নিৰ্ধাৰণ কৰা হৈছিল।
সুৰক্ষামূলক ব্যৱস্থাৰ বাবে তেওঁৰ এই কাৰ্যসূচী বৰ্তমান পিছুৱাই ৪ আৰু ৫ অক্টোবৰ নিৰ্ধাৰণ কৰা হৈছে যদিও জন্মুৰ উধমপুৰ চহৰত সংঘটিত হোৱা দুটাকৈ বিস্ফোৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ভ্ৰমণ কিমান সুৰক্ষিত হ’ব সেই বিষয়ক লৈ প্ৰশ্ন উত্থাপন হৈছে।
উল্লেখ্য যে, বুধবাৰে নিশা আৰু বৃহস্পতিবাৰে পুৱা উধমপুৰত সংঘটিত হোৱা দুটাকৈ বিস্ফোৰণৰ ভিতৰত প্ৰথমটো বিস্ফেৰণ এখন ৰখাই থোৱা বাছত সংঘটিত হয়। এই বিস্ফোৰণত বাছখনৰ কণ্ডাক্টৰ আৰু আন এজনলোক আহত হৈছে। আহত কণ্ডাক্টৰ জনৰ নাম সুনীল সিং (২৭) আৰু আনগৰাকী ব্যক্তিৰ নাম বিজয় কুমাৰ (৪০)। ইয়াৰে সুনীল সিঙৰ ঘৰ ৰামনগৰত।