আলফা (স্বা) শিবিৰৰ পৰা পলায়ন কৰি অহা দুই সদস্য সুৰজিত গগৈ ওৰফে খেপৌ অসম আৰু শ্যামল বৰুৱা ওৰফে নিয়ৰ অসমক আটক কৰে তহলদাৰী আসম ৰাইফলছৰ এটা দলে। আন্তঃজাতিক সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰবেশ কৰোতেই আটক কৰে ৬ নং আসাম ৰাইফলচৰ এটি তহলদাৰী দলে। ভাৰত – ম্যানমাৰৰ সীমান্ত লাজুত দুয়োজনক আটক। অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খুনচাস্থিত আসাম ৰাইফলচৰ শিবিৰত ৰাখি সোধপোচৰ অন্তত আজি খুনচা আৰক্ষীক তেওঁলোক দুইজনক চমজাই দিয়ে।
উল্লেখ্য যে, ২০২১ চনৰ নবেম্বৰ মাহত যোগদান কৰা আলফাৰ দুই সদস্যৰ মাজৰ সুৰজিৎ গগৈৰ ঘৰ পেঙেৰীৰ নলনিত আৰু শ্যামল বৰুৱাৰ ঘৰ ডিগবৈৰ মামৰণিত। শিবিৰত থাকি কষ্ট পোৱাৰ বাবে প্ৰত্যাবৰ্তন কৰা বুলি তেওঁলোকে জানিবলৈ দিয়ে। আলফা স্বাধীনত যোগদান, প্ৰত্যাবৰ্তন, মৃত্যুদণ্ড ঘোষণা, মৃত্যুদণ্ড বিহা আদিৰ দৰে এক পৰিবেশৰ মাজতে পুনৰ দুগৰাকী সদস্য ম্যানমাৰৰ পৰা পলাই অহাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।