ড্ৰোণ আক্ৰমণত সন্ত্ৰাসবাদী সংগঠন অল কায়দাৰ মুৰব্বী আয়মান আল জাৱাহিৰী নিহত হৈছে বুলি দাবী কৰিছে আমেৰিকাই। ২০১১ চনত ওছামা বিন লাডেনৰ মৃত্যুৰ পিছত অল কায়দাত এয়া আন এক মোক্ষম আঘাত। লাডেনৰ মৃত্যুৰ পিছত অল কায়দাৰ নেতৃত্ব লৈছিল জৱাহিৰিয়ে। কাবুলৰ এটা ঘৰত আত্মগোপন কৰি থকা অৱস্থাত জৱাহিৰিক CIAৰ ড্ৰোণে হত্যা কৰে বুলি আমেৰিকাই দাবী কৰিছে।
ৰাষ্ট্ৰপতি জো বাইডেনে টুইটযোগে কয়, শনিবাৰে মোৰ নিৰ্দেশত আমেৰিকাই আফগানিস্তানৰ কাবুলত এক সফল বিমান আক্ৰমণ চলায়, য’ত অল কায়দাৰ নেতা আয়মান আল জৱাহিৰী নিহত হয়। আল জৱাহিৰিৰ বিৰুদ্ধে আমেৰিকাত হোৱা কেইবাটাও আক্ৰমণৰ অভিযোগ আছিল। শনিবাৰে নিশা ৯.৪৮ বজাত এই ঘটনা সংঘটিত কৰা হয়।
জাবাহিৰী এজন শল্য চিকিৎসক আছিল। তেওঁ পিছলৈ বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী সকলৰ মাজৰ এজন হৈ পৰিছিল। ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত হোৱা আক্ৰমণৰ মূল সূত্ৰধাৰ হিচাপেও তেওঁক গণ্য কৰা হৈছিল। সেই সন্ত্ৰাসবাদী ঘটনাত প্ৰায় ৩,০০০ লোক নিহত হৈছিল।
জাৱাহিৰীৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰই ২৫ নিযুত ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছিল। ২০১১ চনত পাকিস্তানত ওছামা বিন লাডেনৰ মৃত্য়ুৰ পাছত তেওঁ আল-কায়েদাৰ চোৱাচিতা কৰিছিল।
কোৱা হৈছে যে জৱাহিৰিৰ ওপৰত আক্ৰমণৰ পূৰ্বে বাইডেনে নিজৰ কেবিনেট আৰু পৰামৰ্শদাতাসকলৰ সৈতে কেইবাসপ্তাহ ধৰি বৈঠকত মিলিত হয়।