আজি কাৰগাৰতে পৰীক্ষাত বহিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁয়ে। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে ডিচিবি কলেজৰ পৰীক্ষাৰ ভাৰপ্ৰাপ্ত বিষয়াই গোলাঘাট জিলা প্ৰশাসন তথা কাৰাগাৰ কৰ্তৃপক্ষৰ সহযোগত বৰ্ষাশ্ৰীৰ বাবে পৰীক্ষাৰ যাৱতীয় প্ৰস্তুতি চলাই তেওঁক পৰীক্ষাত বহাৰ সুবিধা কৰি দিয়ে। শনিবাৰে পুৱা ৯ বজাৰ পৰা গোলাঘাট জিলা কাৰাগাৰত পৰীক্ষাত অৱতীৰ্ণ হয় বৰ্ষাশ্ৰীয়ে।
উল্লেখ্য, এটা বিতৰ্কিত ফেচবুক পোষ্টৰ বাবে টীয়কৰ ১৯ বছৰীয়া ছাত্ৰীগৰাকীক বিগত দুমাহ ধৰি কাৰাৰুদ্ধ কৰি ৰখাৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। অংক বিষয়ত অনাৰ্চ লৈ স্নাতক মহলাত অধ্যয়ন কৰি থকা বৰ্ষাশ্ৰীৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত আছিল ৫টা বিষয়ত লেটাৰ। এনে অৱস্থাত মেধাৱী ছাত্ৰীগৰাকীক ফেচবুক পোষ্টৰ বাবে গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰা কথাটোক লৈ তুমুল চৰ্চা হৈছিল ৰাজ্যত।