অসম চৰকাৰৰ বন বিভাগৰ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত নাৰেংগী খণ্ড বন বিষয়াৰ কাৰ্যালয়ে সোমবাৰে মাজনিশা বোন্দাত ব্ৰহ্মপুত্ৰৰ পৰা অবৈধ ভাৱে সৰবৰাহ কৰা অৱস্থাত এ এছ ২৫ চি চি ৭৩৯৯ নম্বৰৰ এখন ডি আই বাহন জব্দ কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত খবৰ মতে, পানীখাইতিৰ দিশৰ পৰা গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধ ভাৱে খনন কৰি মাটি সৰবৰাহ কৰিব বুলি গোপন সূত্ৰত জানিব পাৰি নাৰেংগীৰ খণ্ড বন বিষয়া অসীম দাসৰ নেতৃত্বত এটা বনকর্মীৰ দল নিশা ১০ মান বজাৰ পৰা বোন্দাত খাপ পিটি আছিল। মাজনিশা প্ৰায় ১২ মান বজাত ডি আই বাহন খন আহি পোৱাৰ পাছতেই বনকর্মীৰ দলটোৱে চালকসহ বাহনখন ৰখাবলৈ সক্ষম হয়। পাছত এই সন্দৰ্ভত এটা বিভাগীয় গোচৰ ৰজু কৰি আজি পুৱা জব্দ কৰা বাহনখন বশিষ্ঠস্থিত বন বিভাগৰ ডিপোট ৰখা হৈছে বুলি খণ্ড বন বিষয়া অসীম দাসে জানিবলৈ দিছে।