থানাৰ লকআপত হঠাৎ অসুস্থ হৈ পৰিছে ভিক্টৰ দাস। চৰকাৰী চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত অভিযোগ তুলিছিল ভিক্টৰ দাসে আৰু তাৰ পাছতেই আৰক্ষীয়ে জেৰা চলাই গ্ৰেপ্তাৰ কৰে ভিক্টৰক।
উল্লেখ্য যে এসপ্তাহৰ পূৰ্বে আৰক্ষীয়ে ভিক্টৰ দাসক আটক কৰিছিল নিজৰ জিম্মাত। হঠাৎ ভিক্টৰ অসুস্থ হৈ পৰিছে বুলি জানিব পৰা গৈছে। আজি পাণবজাৰ থানালৈ আহিব ভিক্টৰৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক।
উল্লেখ্য যে, ভিক্টৰ দাসক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ অভিভাৱক সকলে চৰকাৰ তথা আৰক্ষীক আহ্বান জনাইছিল।