অৱশেষত আজি জামিন লাভ কৰিলে ভিক্টৰ দাসে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ভিক্টৰ দাসক ২৯ ছেপ্টেম্বৰলৈ প্ৰদান কৰিলে অন্তৰ্ৱৰ্তীকালীন জামিন।
উল্লেখ্য যে, ৰাজ্যৰ অলপতে হৈ যোৱা নিযুক্তি পৰীক্ষাত কেলেংকাৰীৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস। ভিক্টৰৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা অংশুমান বৰাই।