নিযুক্তি কেলেংকাৰিৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাস পেচাত এজন টেট শিক্ষক। কামৰূপৰ পূব পানীটেমা ৰাধাকৃষ্ণ যুগল মিলন প্ৰাথমিক বিদ্যালয়ত ২০২১ চনত নিযুক্তি লাভ কৰিছিল ভিক্টৰ দাসে।
ভিক্টৰ দাস এজন সফল শিক্ষক বুলি অভিহিত কৰে অভিভাৱকসকলে তেওঁক অতি সোনকালে মুকলি কৰি দিব লাগে বুলি দাবী তুলিছে। ভিক্টৰ দাসে বিভিন্ন নতুন নতুন পদ্ধতিৰে শিক্ষাদান কৰিছিল বুলিও অভিভাৱকসকলে জনাইছে। আইনী মেৰপেচৰ পৰা শীঘ্ৰে ভিক্টৰ দাসক মুকলিৰ দাবী তুলিছে বিদ্যালয়ৰ অভিভাৱকসকলে।
টেট শিক্ষক ভিক্টৰ দাসে কেনেকৈ চলাইছিল তেওঁৰ ক’চিং চেণ্টাৰ আৰু কি দৰে সময় দিছিল স্কুলত সেই সন্দৰ্ভত অনুসন্ধান চলাই আছে আৰক্ষীয়ে।