পশ্চিমবংগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে। আজি পুৱা নক্টলাস্থিত ৰাজ্যিক মন্ত্ৰী পাৰ্থ চেটাৰ্জীক ঘৰতেই ED (Enforcement department)য়ে জেৰা অব্যাহত ৰাখিছে।
উল্লেখ্য যে, শুকুৰবাৰে পুৱাই EDৰ বিষয়া পাৰ্থ চেটাৰ্জীৰ ঘৰত উপস্থিত হয় আৰু আৰম্ভ কৰে জেৰা। শুকুৰবাৰে দিনটো সোধা-পোছা কৰাৰ উপৰিও শনিবাৰেও তেওঁক জেৰা কৰা হয়। জেৰাৰ সময়ত পাৰ্থ চেটাৰ্জীয়ে কেইবাটাও প্ৰশ্নৰ সঠিক উত্তৰ দিব নোৱাৰাত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। পাৰ্থ চেটাৰ্জীক ED ৰ আদালতত হাজিৰ কৰোৱা হ’ব পাৰে।
ED is carrying out search operations at various premises linked to recruitment scam in the West Bengal School Service Commission and West Bengal Primary Education Board. pic.twitter.com/i4dP2SAeGG
— ED (@dir_ed) July 22, 2022
উল্লেখ্য, পশ্চিমবংগ বিদ্যালয় সেৱা আয়োগ আৰু প্ৰাথমিক শিক্ষা ব’ৰ্ডত নিযুক্ত কেলেংকাৰি সংক্ৰান্তত ইডিয়ে ৰাজ্যখনৰ প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেৰ্টাজীৰ ঘনিষ্ঠৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বহু আপত্তিজনক তথ্য। পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ অৰ্পিতা মুখোপাধ্যায়ৰ গৃহৰ পৰা ইডিয়ে উদ্ধাৰ কৰে ২০ কোটি টকাৰ লগতে যথেষ্ট আপত্তিজনক নথি-পত্ৰ।