পশ্চিমবংগৰ বীৰভূম জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ-৬০ ত মঙলবাৰে এখন অটোৰিক্সাৰ সৈতে এখন ৰাজ্যিক পৰিবহণ বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত আঠগৰাকী মহিলাসহ ৯ জন লোক নিহত হয়। তথ্য অনুসৰি, ৰামপুৰহাটৰ ওচৰৰ মল্লাৰপুৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। অত্যাধিক যাত্ৰী থকা অটোৰিক্সাখনে দক্ষিণ বংগ ৰাজ্যিক পৰিবহণ নিগমৰ (এছবিএছটিচি) বাছখনত খুন্দা মাৰিছিল। ফলত অটোৰিক্সাখনৰ আঠগৰাকী মহিলা যাত্ৰী নিহত হোৱাৰ লগতে বাছখনৰ এজন যাত্ৰীও নিহত হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ নিকটাত্মীয়ৰ বাবে ২ লাখ টকাকৈ ঘোষণা কৰে। আনহাতে আহতসকলক ৫০,০০০ টকাৰ সাহায্য প্ৰদান কৰা হ’ব
“পশ্চিম বংগৰ বীৰভূম জিলাত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে দুঃখিত। আহতসকলৰ বাবেও প্ৰাৰ্থনা,” প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কৰা এটা টুইটত এইদৰে কয়।