কাছাৰ আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা জব্দ কৰে দুই লাখ YABA টেবলেট৷ শিলচৰ- আইজল ৰাষ্ট্ৰীয় পথত তালাচী চলাই AS25-TC-1582 নম্বৰৰ ট্ৰাকখনৰ পৰা জব্দ কৰা হয় টেবলেটখিনি৷ ট্ৰাকৰ গোপন চেম্বাৰত ২০ টা পেকেটত লুকাই অনা টেবলেটৰ সৈতে ৫ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
এই তিনিজন চন্দন ডালু, মেধিৰাজ হাজং আৰু ৰাজদীপ পাল আৰু মেঘালয় খাছিহিলছৰ বাহদুহ ওৱাৰ ভালাং৷ ধৃত ব্যক্তি কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে পশ্চিম ত্ৰিপুৰাৰ সুমন সৰকাৰ নামৰ এজন ড্ৰাগছ ক্ৰেতাক শিলচৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে।
জব্দ কৰা টেবলেটখিনি মিজোৰামৰ চাম্পাই জিলাৰ পৰা কাছাৰৰ মাজেৰে বহি ৰাজ্যলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰী সকলে৷ জব্দ কৰা টেবলেটৰ মূল্য ৫০ কোটি টকাতকৈও অধিক হ’ব বুলি সদৰী কৰিছে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তই ।