গুৱাহাটীৰ বেলতলাৰ বনগাওঁৰ পৰা পম্মী কোচ নামৰ এগৰাকী ২৩ বছৰীয়া যুৱতী ১ চেপ্টেম্বৰৰ পৰা আজি প্ৰায় ১২ দিন ধৰি নিৰুদ্বেশ হৈ থকাত চাঞ্চল্যৰ সৃষ্টি হৈছে। কোনো দুষ্ট চক্ৰৰ কৱলত পৰাৰ সম্ভাৱনা নুই কৰা নাই পৰিয়ালে।
উল্লেখ্য যে, ১ চেপ্টেম্বৰৰ দিনৰ প্ৰায় ১ মান বজাৰ পৰা যুৱতী গৰাকী নিৰুদ্দিষ্ট হৈ আছে। প্ৰথমাৱস্থাত পম্মীৰ পৰিয়ালে তাই ক’ৰবাত ফুৰিবলৈ যোৱা বুলি ভাবি সম্ভাব্য সকলো স্থানতে বিচাৰ খোচাৰ কৰিছিল যদিও কতোৱেই তাইৰ সম্ভেদ উলিয়াব নোৱাৰিলে। অৱশেষত পম্মীৰ পৰিয়ালে বশিষ্ঠ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়েও বৰ্তমানলৈকে কোনো শুং সুত্ৰ উলিয়াব পৰা নাই। ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত জিনচ্ আৰু টি চাৰ্ট পৰিহিত যুৱতীগৰাকীয়ে নিজৰ ম’বাইলটোও ঘৰতে এৰি থৈ যায় বুলি পৰিয়ালকৰ লোকে জনাইছে।
কোনো সদাশয় লোকে সন্ধানহীন যুৱতীগৰাকীৰ বিষয়ে কিবা সম্ভেদ পালে পৰিয়াল অথবা স্থানীয় আৰক্ষী চকীত খবৰ দিবলৈ অনুৰোধ জনাইছে। যোগাযোগ নাম্বাৰ হ’ল 96137-37522