মাৰ্ঘেৰিটা আৰক্ষী আৰু আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত আজি ড্ৰাগছ বিৰোধী অভিযান চলাই মাৰ্ঘেৰিটা-দেউমালী পথত এজন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হয়।
মাৰ্ঘেৰিটা পাইনাৰমিল অঞ্চলৰ ৰুপক শইকীয়া(২৭) নামৰ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ড্ৰাগছৰ লগতে AS23AA2640 নম্বৰ এখন মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হয়। অন্যহাতে আছা’ৰ মাৰ্ঘেৰিটা আঞ্চলিক সভাপতি জাৰনেল মিঞ্জে সংবাদমাধ্যমৰ যোগে প্ৰশাসনক এখন ড্ৰাগছ মুক্ত মাৰ্ঘেৰিটা গঢ় দিয়াৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰবলৈ আহ্বান জনায়।